Show/Hide Keyboard Layout

সোণালী মনৰ মালিকনী

- জুবিন গাৰ্গ

সোণালী মনৰ মালিকনী

সোণালী সপোন দিয়া আনি

চুটি চুটি খোজ দি লাহে লাহে আহিছা

কাজলে মেৰা দুচকু লাজেৰে তুলিছা

ধপ্ ধপ্ কৰে বুকু মোৰ

জ্বলে মন মোৰ

কৰাহি জুৰ

প্ৰেম অলিয়া বলিয়া

মোৰে হিয়া

হৈ আতুৰ

সোণালী মনৰ মালিকনী

সোণালী সপোন দিয়া আনি ।

 

তোমাৰ ভাবনাই

বুকুতে ভিৰ লগায়

মোৰ দিন ৰাতিৰ চিন চাব নাই

ফাগুনে জিৰোৱা

মদাৰ ফুলেও

তোমাৰ ছবিকে দেখায়

ধপ্ ধপ্ কৰে বুকু মোৰ

জ্বলে মন মোৰ

কৰাহি জুৰ

প্ৰেম অলিয়া বলিয়া

মোৰে হিয়া

হৈ আতুৰ

সোণালী মনৰ মালিকনী

সোণালী সপোন দিয়া আনি ।

 

পথাৰ ওপচা

যেন শালিদৰা

মোৰ মৰম

তোমালৈ অযুত

যৌৱনে বিচাৰে

তোমাকে পাবলৈ তোমাক নিচেই কাষত

ধপ্ ধপ্ কৰে বুকু মোৰ

জ্বলে মন মোৰ

কৰাহি জুৰ

প্ৰেম অলিয়া বলিয়া

মোৰে হিয়া

হৈ আতুৰ

সোণালী মনৰ মালিকনী

সোণালী সপোন দিয়া আনি ।।

Hits: 2936